Most Romantic Assamese Story For Couple | ব্ৰেকআপ | Breakup Story In Assamese
"আহি পালা ?"
তাই মোৰ পিছপিনৰ পৰা মাত দিলে । আশ্চর্য, মই দিয়া গোলাপী শাড়ীখন পিন্ধি আহিছে । এইখন পিন্ধিবলৈ কিমান দিন কলো ।নোৱাৰে । ঠিক ঠিক ব্রেক
আপৰ দিনাই পাৰিলে ?
শাড়ীখন মই এমাহৰ টিউচনবোৰৰ টকা খৰচ কৰি কিনিছিলো । তাই দেখি কৈছিল ,"কি কিনিছা ? এনে ৰং শাড়ী এই যুগত কোনে পিন্ধিব ?"
"তোমাৰ পছন্দ হৈছেনে ?"
"পছন্দ? । মোৰ পছন্দ । ধুৰ !!"
সেইবাবেই আজি তাইক খুব সুন্দৰী দেখা হৈছে । শাড়ীখনৰ বাবেই নে অন্য কোনো কাৰণত নাজানো !
তাই এখন চকী টানি বহি ললে ।মই টেবুলখনৰ তলৰ পৰা হাতদুখন উলিয়াই কলো, "তোমাৰ বাবে ।"
তাই চকুকেইটা ডাঙৰ কৰি কলে , "গোলাপ?ইমানবোৰ ? তুমি গোলাপ আনিছা মোৰ বাবে ? আই কান্ট বিলিভ ইট !"
তাই আগ্রহেৰে ফুলকেইটা ললে । তবে কিছুক্ষণ পিচতেই
বিৰক্তিকৰ সুৰত কলে "তেৰটা কিয়? আনলাকি বস্ত
তোমাৰ খুব প্রিয়? ব্রেক আপৰ দিনাও অশুভ এটা সংখা লৈ আহিলা "
মই কলো , "কফি খাবা ?"
তাই উত্তৰ দিলে না, খং কৰি কলে ।মই ভয়ে ভয়ে সুধিলো "কি হল ?"
"তুমি আজি শেভ কৰি আহিছা, চোৱালীৰ দৰে দীঘল হৈ যোৱা চুলিবোৰ কাটিছা, কিয় কোৱাচোন ? ইমান দিন কলো চুলি দাড়ি কাটা , নুশুনা । আজি হঠাৎ...? এই এদিন যে আমাৰ ৰিলেশ্বনৰ শেষ দিন ?"
"তুমিও তো আজি এই গোলাপী শাড়ীখন পিন্ধি আহিছা । অথচ ইমানদিন কলো, সৰস্বতী পুজাৰ দিনাও নিপিন্ধিলা । কিয় কোৱাচোন ?"
"কিন্তু তুমি আজি ঠিক চাৰে চাৰিটাৰ সময় কেনেকৈ আহিলা ।আগতে তো আধাঘন্টাৰ কম লেট নকৰা ?"
"আচলতে আজি ঘড়ীটো নষ্ট হৈছিল , সেয়ে লেট কৰিব নোৱাৰিলো ।"
"কি? তাৰ মানে ইমানদিন ইচ্ছা কৰি লেট কৰিছিলা ?"
মই কিছু হাঁহি কলো , "ইয়েচ !"
তাই খংঙত উঠি যাব বিচৰাৰ আগতে মই কলো -"ইউ নো ,আজি তোমাক বহুত বেছি সুন্দৰ লাগিছে । ভাবিছো ব্রেক আপটো কিছুদিন পিছত কৰিলে কেনে হব?"
কফিতে চুমুক দি দি তাই কলে," বেয়া হব!"
মই কলো ,"তেতিয়া হলে কিছুদিন পিছত ব্ৰেকআপ কৰিম ব্রেক আপ যেতিয়া বেয়া কৈ কৰা যাব তেতিয়া ভাল, বেয়া বেয়া কটাকটি "
দীর্ঘশ্বাস লৈ তাই কলে, "ঠিক আছে, অহা মাহৰ ১2 তাৰিখ ..লাষ্ট ডেট কিন্তু!"
মই তাইৰ হাতখন ধৰিলো । তাই খং নকৰিলে ।....
........
ভাবিছো , অহাবাৰ তাইক চৈধ্যটা গোলাপ দিব লাগিব কাৰণ আজিলৈ আমাৰ ১৩ বাৰ ব্ৰেকআপ দিন পালন কৰা হল ।
Read More https://www.jonakaxom.in/2018/10/most-romantic-assamese-story-for-couple.html