JustPaste.it

4 Best Assamese Story For Kid

User avatar
jonakaxom @jonakaxom · Oct 8, 2020
AssameseMoral Stories | Assamese Story For Children

4 Best Assamese Story For Kid | কেইটামান প্ৰেৰনাদায়ক কাহিনী | Assamese Story Collection

আজি আমি লৈ আহিছো কেইটামান অসমীয়া গল্প Assamese Hadhu।Assamese story Telling যিবোৰে আপোনাক মনটো শান্ত কৰি তুলিব আৰু নতুনকৈ উৎসাহিত কৰিব। আহকচোন আমি এই Assamese Story বোৰ পঢ়ো আৰু আনকো শুনাও।

 
হাতী -  Elephant Rope Story In Assamese
5b77a8ff5411cd9a5c35233ec6956ec0.jpg
      

আপোনালোকে জানেনে ?? হাতীৰ পোৱালীয়ে যেতিয়া শুৱে তেতিয়া তাক  কোমল পাতল ৰচী বন্ধা হয়।হাতীৰ পোৱালি সৰু আৰু দুৰ্বল  হোৱাৰ বাবে ই ৰছীডাল সহজতে ছিঙি পলাব নোৱাৰে।  যেতিয়া সেই হাতীৰ পোৱালীটো  ডাঙৰ আৰু শক্তিশালী হৈ পৰে তেতিয়াও সেই একেডাল ৰচীৰে  বন্ধা হয়, সেই ৰছীডাল সি সোনকালে ছিঙিব পাৰে কিন্তু সেইডাল ছিঙি পলাই নাযায় বান্ধি থুৱাতে থাকে । এনেকুৱা কিয় হয় আপুনি জানেনে ?

এনেকুৱা হোৱাৰ কাৰণ হৈছে  যে যেতিয়া হাতীৰ পোৱালীটো সৰুতে বন্ধা থাকে সি তেতিয়া প্ৰতিবাৰে পলাবৰ বাবে ৰচী ডাল ছিঙিবলৈ চেষ্টা কৰে কিন্তু সি সেইডাল ছিঙিব নোৱাৰে ফলশ্ৰুতিত সি ভাবিবলৈ লৈ যে সি আৰু সেই ৰছীডাল ছিঙিব নোৱাৰে । যেতিয়া পোৱালীটো ডাঙৰ হয় তেতিয়া সি তেতিয়াও সি ভাবে যে সি আৰু ৰছীডাল ছিঙিব নোৱাৰে  আৰু সেই বাবে হে চেষ্টাও নকৰে । হাতীটোৰ সেই ভুল ধাৰণাটোৰ বাবেই সি এডাল সৰু ৰচীৰে বান্ধখাই থাকে আনকি সি পৃথিৱীৰ ডাঙৰ প্ৰাণীবোৰৰ ভিতৰত এটা হোৱাৰ  চৰ্তও ।

প্ৰেৰণাদায়ক কাহিনী -2  Bumblebee  Story Assamese - ভোমোৰাৰ কাহিনী
 
34eacb7c90372fbc3a42bdfbfbaa14fd.jpg
 
 
বৈজ্ঞানিক সকলৰ মতে ভোমোৰাৰ গাটো বহুত গধুৰ  সেইকাৰণে বিজ্ঞানৰ মতে ভোমোৰা বোৰে উৰিব নোৱাৰে । কিন্তু ভোমোৰাই এইটো কথা নাজানে কিন্তু সি ভাবে যে সি উৰিব পাৰে  । সেইবাবে ভোমোৰাই বাৰে বাৰে উৰিবলৈ চেষ্টা কৰে  কিন্তু সফল নহয় তথাপিও সি বাৰে বাৰে চেষ্টা কৰে কাৰণ ভোমোৰাই ভাবে যে সি উৰিব পাৰে বুলি । শেষত ভোমোৰাই উৰিব পৰাত সফল  হয়।
 

প্ৰেৰনাদয়ক কাহিনী - Discovery -Assamese Story Telling আবিষ্কাৰ

 
46ef2bdc2a1ec14643f0f3d4a9b272f7.jpg
 

বন্ধুসকল  এই জীৱনত নোৱাৰা কাম কোৱা নাই ( Nothing is impossible in life), নোৱাৰা শব্দটো মানুহেই সৃষ্টি কৰিছে ।  যেতিয়া টেলিফোন আৰু  ৰেডিঅ'ৰ সৃষ্টি হোৱা নাছিল তেতিয়া মানুহ আৰু বিজ্ঞানে ভাবিছিল যে মানুহৰ মাত কম সময়ৰ ভিতৰতে বহুত দূৰলৈ পঠাব নোৱাৰে বুলি , কিন্তু আজি মোবাইল আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে ।

ঠিক সেইদৰে যেতিয়ালৈকে বিমান আবিষ্কাৰ হোৱা নাছিল মানুহ ভাবিছিল আকাশত উৰা সম্ভৱ নহয়  যেতিয়া ৰাইট বন্ধুসকলে বিমান আবিষ্কাৰ কৰিলে তেতিয়া অসম্ভবকো সম্ভৱ কৰি তুলিলে(Impossible becomes Possible) ।

             প্ৰেৰনাদয়ক কাহিনী- 4 Double Century Cricket Story In Assamese  – ক্ৰিকেট

 
fa1f308b91451536fefb50f449690697.jpg
 
           

একেদৰে ক্ৰিকেটৰ কথাকে লওক - ক্ৰিকেটৰ এদিনীয়া- শৃংখলাৰ ডাঙৰ ইতিহাসত 2010 বৰ্ষ লৈকে এটাও দ্বিতীয় শতক (double Centuries)  নাছিল কিন্তু 2010 বৰ্ষত শচীন  টেণ্ডুলকাৰে দ্বিতীয় শতক অৰ্জন কৰাৰ পিছত 4-5 বৰ্ষৰ ভিতৰতে 7 বাৰ দ্বিতীয় শতক(double Centuries) লগাই ।  এয়া কি সহযোগ আছিল ?? এনেকুৱা কিয় হল বাৰু ?

এনেকুৱা হোৱাৰ কাৰণ হৈছে যে  2010 বৰ্ষৰ আগলৈকে কোনেও দ্বিতীয় শতক অৰ্জন কৰা নাছিল সকলোৱে ভাবিছিল দ্বিতীয় শতক অৰ্জন কৰাটো বহুত কঠিন কাম ।  কাৰণ সেই ৰেকৰ্ডতো কোনেও ভঙা নাছিল সকলোৱে ভাবিছিল  এই কামটো বৰ কঠিন বুলি ।  যেতিয়া শচীন টেণ্ডুলকাৰে দ্বিতীয় শতক অৰ্জন কৰিলে সকলোৰে মানসিকতা সলনি হৈ পৰিল ভাবিবলৈ ললে দ্বিতীয় শতক অৰ্জন কৰাটো কষ্টকৰ হয় কিন্তু অসম্ভব নহয় ।

এই পৃথিৱীত অসম্ভৱ বুলিবলৈ একোৱে নাই (Nothing is impossible in this world), "অসম্ভৱ"  আমাৰ ভ্ৰম বা ভুল মানসিকতাহে যিটো সদায় ভুল বুলি প্ৰমাণিত হয়।   

আমি ভুল ধাৰণা বনাই লওঁ সেইবাবে কিবা কাম এটা কৰাৰ আগত আমাৰ অসম্ভৱ বা টান অনুভৱ হয় ।


আমি এতিয়া যি সকলো আমাৰ ধাৰণাৰ হে পৰিনাম । আমি যেনেকুৱা ভাবো তেনেকুৱাহে হয় - (We become, what we think)|  অসম্ভৱ বা নোৱাৰা (impossible)  আমাৰ ধাৰণাৰ হে পৰিনাম ।

ভোমোৰা বিজ্ঞানৰ চকুত উৰিব নোৱাৰে কিন্তু সি ভাবি লয় যে সি উৰিব পাৰে বুলি সেইবাবে সি উৰি যাব পাৰে কিন্তু হাতীয়ে  ৰচী এডাল ছিঙি দিব পাৰে কিন্তু সি ভাবে যে সি ৰছীডাল ছিঙাটো তাৰ বাবে অসাধ্য , সেইবাবে সি ৰছীডাল ছিঙিব নোৱাৰে ।

 

মনটো অলপ সলনি হৈছেনে? বাৰু আপোনাৰ বন্ধুজনকো শ্বেয়াৰ কৰকচোন। কিজানি তেঁওৰো বিষাদ মনটো উচাহেৰে ভৰি পৰে।
 
আহক জীৱনটো  সুখেৰে জীয়াই থাকো।
কিয়নো জীৱনটো আমাৰ আৰু ইয়াক যেনেকৈ গঢ়িব খোজে তেনেকৈ গঢ় লব।

যুগুতালে  Bharat Gogoi